অন্যযুগ/


আমাক গছ লাগে

ৰৌচন আলি 


আকৌ হত্যা কৰা হ'ব গছ

হত্যা কৰা হ'ব

অক্সিজেন


গছৰ বিদেহ আত্মাৰ সদ্‌গতি কামনা কৰি 

খেনোৱে মৌন প্ৰাৰ্থনাত ব্যস্ত থাকিব

খেনোৱে পালন কৰিব মৌন ব্ৰত..


মৌন প্ৰাৰ্থনা এটাই উপসাহ কৰাৰ দৰে

গছবোৰ জীৱিত কালতেই মৌন আছিল ।


খবৰ ওলাইছে গছবোৰৰ শ গছকি

হেনো উৰণীয়া সেতু এখন হ'ব


গছবোৰৰ পৰা এদিন চৰাইবোৰ উৰিছিল

আকাশলৈ

এতিয়া মৃত গছৰ কংকাল গছকি মানুহবোৰ 

উৰিব ধূসৰ শূন্যতাত


উৰি-ফুৰা মানুহে

নিজৰ কংকাল কঢ়িয়াই ঘূৰি ফুৰিব

কাৰণ গছবোৰৰ আগতেই সিহঁত মৰিব

মৰি মৰি জীয়াই থকাৰ উন্মাদ বাসনাত

সিহঁত সন্মুখলৈ দৌৰিব । 


ইয়াত এখনৰ পাচত এখন অৰণ্য

মৰিছিল


অৰণ্যৰ মৰিশালীয়েদি মানুহবোৰ দৌৰিছিল

অৰণ্যৰ মৰিশালীতেই কৃত্ৰিম মহানগৰবোৰে

বিজয় উল্লাসত চিঞৰিছিল

যেন এটা মৃত কৰিলিৰ শেষৰ কিৰিলিতহে

জী উঠিছিল মহানগৰবোৰ!


গছবোৰৰ দৰে মানুহবোৰ ওখ হ'ব পৰা নাছিল 

ওখ হ'ব পৰা নাছিল উৰণীয়া সেতুবোৰ

সেয়ে বনছাই কৰা হ'ল গছবোৰ


গছবোৰে এদিন কৈছিল--

আন্ধাৰেই ভাল কৃত্ৰিম পোহৰতকৈ


আন্ধাৰৰ পৰা ওলাই অহা মানুহবোৰ

কৃত্ৰিম পোহৰ গিলি গিলি

এদিন সিহঁত বনছাই হ'ব ।


বনছাই হোৱা মানুহবোৰে 

উৰণীয়া সেতু এখনলৈ চাই চিঞৰিব--

আমাক গছ লাগে,আমাক গছ লাগে...


***


ঠিকনা-

সৰুপালেঙী গাঁও

ডাক- দিচাংঘাট (ৰজাবাৰী)

পিন- ৭৮৫৬৭২

শিৱসাগৰ (অসম)

দূৰভাষ- ৯১০১২১১২৩২

মেইল ঠিকনা- rowsonali465@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ