এম. কামালুদ্দিন আহমেদ
অলপ পানীতে
কমাই ফুৰে মাছবোৰ
সিহঁতক ধৰিবলৈ কতবোৰ
জাল, চেপা, জুলুকি
অদৃষ্টই যোগান ধৰা
তুমি মাছ ধৰা
অপূবৰ্ কাৰুময়তাৰে
উছলি যায় কোনোবাটো
বিধাতাৰ হাতৰপৰা তুমি
সৰকি যোৱা যেনেদৰে
স্মৃতিৰ মণিকোঠা
আজিও কম্পিত হয়
ৰাস্তাৰে পাৰ হৈ গৈছে
মাছৰ শোভাযাত্ৰা
তুমি সাজি উলিয়াইছা
বাঁহেৰে
চেপা, জুলুকি
তাতে বান্ধ খাই আছে
অসীমৰ এডাল ক’লা সূতা
***
ঠিকনা :
বিভাগীয় প্ৰধান, অসমীয়া বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী- ৭৮১০১৪
