দেৱাঙ্গ ভূষণ
শাহুৰ পাকঘৰত সেইদিনা তাইৰ প্ৰথম পুৱা!
তাইৰ চকুকেইটা কোঠাটোত চুঁচৰি ফুৰিল,
কি বিচাৰিছিল তাই কোনেও নাজানিলে। তায়ো।
চিনা-নিচিনা গোন্ধে বাৰে বাৰে তাইক তাইৰ মাকে অতদিনে দি থকা সকীয়নিবোৰ সোঁৱৰাই দিছিল..
তাই বুজা নাই,
পুৱাটো তাইৰ অপেক্ষাত ৰৈ আছিল নে সেই পাকঘৰটো!
শাহুৰ নিৰ্দেশ তাইৰ গধুৰ ভৰি পাওঁতে অলপ সময় লাগিল,
: প্ৰথমে সোঁ ভৰিটো আগবঢ়াই দিবা মাজনী।
মাজনী বুলি মাকেও মাতিছিল, এই উচ্চাৰণ কিছু বেলেগ নহয় নে?
তাইৰ বুকুৰে উজাই আহিল এসোপা নুফুটা কথা!
কি কৰি দিব তাই? বাৰে বাৰে জুকিয়াই লৈও ডিঙিত এচপৰা শিলৰ ওজনে চেপিছিল।
: তুমি কি কৰি দিবা মোক? চাহ খাবা?
জিভাৰ জুতি নিমিলিলেও মনৰ জুতি মিলিলেও হয়।
বিবেক-চিন্তা-প্ৰেম-জীৱন জিন্দাবাদ হ'লেই সকলো হয়।
: আপুনি বৰ সোৱাদ লগাকৈ ৰান্ধে, মোকো শিকাই নিদিবনে?
: বিছ বছৰৰ সাধনা তোমাক উলাহতে লাগে?
: ... মই নাজানো!
: নজনা ভাল। জানি, মোৰ পৰিসীমা এই দুৱাৰতে আবদ্ধ! কিছুমান কথা নিশিকাই ভাল।
***
ঠিকনা : যোৰহাট
ফোন : ৮৬৩৮৪৯৩০৪১
