বিপ্লৱ চুতীয়া
কেতিয়াও কাকো প্ৰশ্ন কৰিব নোৱৰা
পূৰ্ণচ্ছেদৰ আঁৰৰ অৱনত শব্দবোৰ
কেইটামান আখৰৰ বাদে আৰুনো কি
এতিয়া, বুলৱাৰ-লিটনৰ অগোচৰে
মঞ্চস্থ হয় মানৱ বিৰোধী ষড়যন্ত্ৰ
তৰোৱালৰ আগত শিৰ নত
চলতি শতিকাৰ কলম
সুযোগ-সন্ধানীৰ হালধীয়া হাতত
কলমে কীৰ্তন কৰে কলংকিতৰ
চাৰিখুঁটাৰ এটা খহিলেও খহে দেশ
পেং পিন্ধা প্ৰবন্ধ পঢ়ি হিটলাৰে হাঁহে
তেওঁৰ তৰোৱালত তৰাৰ চিকমিকনি
কবিতাবোৰ জন্মিলেই মাৰিব খোজে
‘আই হেভ এ ড্ৰিম’
লুথাৰৰ উদাত্ত ভাষণত সৰ্ব-সমতাৰ স্বপ্ন
হে কাপ-সৈনিক মোৰ; ডাৱৰত নিৰ্বাসিত সূৰ্য
কলমেৰে ইয়াতো বিলোৱাঁ তেনে স্বপ্নৰ ৰ'দালি
আখৰবোৰ শব্দ হওক, শব্দবোৰ সময়ৰ কবিতা
কবিতাবোৰ প্ৰশ্ন হৈ হিটলাৰৰ কাণত বাজক
বাজি থাকক, বাজি থাকক, বাজিয়েই থাকক...
***
ঠিকনা :
আৱাস নং- ৫৮৪, ছেক্টৰ ‘ছি’
বি ভি এফ চি কলনি, নামৰূপ
ডাক : পৰ্বতপুৰ-৭৮৬৬২৩, ডিব্ৰুগড়
ভ্ৰাম্যভাষ - ৮৬৩৮৯১৯৮৫৪