অন্যযুগ/


বহুৱা

লুইতজ্যোতি


যি হাঁহিব নাজানে সি হেনো চয়তান ৷

বুকুত বিয়পা প্ৰাত্যহিকতাৰ বিষবোৰক

ভ্ৰমেৰে আৱৰি

মই জন্ম দিওঁ মোৰ হাঁহিক।

মই হাঁহিব জানো ৷

 

বেদনাৰ নিমখীয়া পানীত

প্ৰতি উজাগৰী নিশা

মই মিলাওঁ ৰঙা আবিৰ ৷

আৰু দুয়ো ওঁঠত ঘঁহি লৈ

যন্ত্ৰণাৰ সেই তেজৰঙী পানী

মই হহুঁৱাও পৃথিৱীক ৷

মই হহুঁৱাবও জানো ৷

 

হাঁহি আৰু হহুঁৱাই

হত্যা কৰোঁ মই পৃথিৱীৰ প্ৰতিজন চয়তানক ৷

আৰু ভাগৰি ওভতোঁ

আন্ধাৰ লুঙলুঙীয়া বাটটোৰে

ভগা ঘৰটোলৈ ৷

অনাহাৰে থকা পত্নীৰ হাতত

তুলি দিওঁ

মোৰ আত্মসন্মানৰ অৰ্ধদগ্ধ টুকুৰাবোৰ ৷

তাৰেই জ্বলি উঠে

আমাৰ আখলৰ জুই

আৰু জী উঠোঁ আমি ৷

 

মই হাঁহিব জানো টুকুৰা-টুকুৰ হৈ,

মই হহুঁৱাব জানো জ্বলি ছাই হৈ ৷


ভ্ৰমৰ এই পৃথিৱীত

মই চয়তান নহওঁ ৷

মই বহুৱা ৷

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ