অন্যযুগ/


ফুলনিখনত বেলি

ঋষভ নাথ

 

তেওঁৰ ফুলনি খামুচি উঠিছিল বেলি

হালধীয়া পাতবোৰ লৰি চৰি

ছাঁত বতাহ সৰিছিল

একেথৰে চাই

তেতিয়াই

 

তেওঁৰ নামত তুলিলোঁ এমুঠিকৈ মাটি

কচুপাতৰ পানীৰে চকু পখালি

আমি পাতিলোঁ এখন আকাশ

উৰি উৰি ঘূৰি বনগীতৰ দৰে

ৰিণি ৰিণি পালোঁহি এইখিনি

ইয়াতো আজি দেখোন ফুলনি

শব্দবোৰ ৰুলে ফুলে নিঃশব্দে

চেতনা বিন্ধি মৌ এজাক সুগন্ধি

 

ৰাতি বেলিৰ গুটিবোৰ সৰি পৰে

বিষণ্ণ বৰষুণৰ টোপালৰ দৰে

সৰি পৰে জামু পাপৰি উৰে

হঠাৎ গোট মৰা আন্ধাৰ

গলি পুনৰ ছাঁ হয়

 

উৎফুল্লিত হওঁ উচুপোঁ

চিৎকাৰ কৰি উঠোঁ মৌন হওঁ

আমি আমাক খোজকঢ়াই দৌৰাই নিওঁ

দেখা অদেখা ক্ষেত্ৰৰ কোনোবাখিনিলৈ

পাহাৰ মৰুভূমি নক্ষত্ৰ নৈ পাৰ হৈ

মুখ্য হৈ কেতিয়াবা গৌণ হৈ

আমি গতি হওঁ

ক্ষতি হওঁ

যতি হওঁ

 

তেওঁৰ ফুলনিত বেলিৰ শিপা

শিপাবোৰেই নিজৰা এটি

সী গৈছে শিল মাছ মাটি

ঘোঁৰা মেঘ আৰম্ভণি শেষ

বিষ্ণুমূৰ্তি হাতী দিন ৰাতি

          ---

ঠিকনা : 

বাপুজীনগৰ, ৱাৰ্ড নং ১৬,

ডাকঘৰ আৰু জিলা  গোৱালপাৰা- ৭৮৩১০১

ভ্ৰাম্যভাষ ৯৮৫৯৯৭৬৬৪৩

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ