অন্যযুগ/


মুনি

দ্বীপৰাজ

 

ইটাৰঙী মাটিত গিলিপ খোৱা এটুকুৰা শিলত বহি থকা

ধোঁৱাবৰণীয়া বৰ্ণ এটা

তপস্যাৰ ফচিলত আঁক এটা ভাজ হৈ মোচোৰা খাই

আছে কাণ।৷ ঢেঁকীয়া ফুল হৈ থকা হাঁকোটাডালে বতাহক

|

 

- এইটো ক!

 

মাটিফুলৰ গোন্ধ লাগি থকা পাহাৰটোৰ সিপাৰে

ধেনুভেৰীয়া নৈ খনত

 

গাৰ চেঙেলীয়া গোন্ধটো পমি

মাছৰ ফুলত লাগি ৰৈছিল উশাহৰ আখৰ ৷

মাতিছিলনে তেতিয়া ৰৈ ৰৈ ভাঙি যোৱা মাতৰ ফুকলীয়া

পখীটোৱে? কি এক এন্ধাৰ ৰাতি হাফপেণ্টৰ জেপত

সোমাইছিলহি জোনাকী পৰুৱা এটা!

 

- কাগজৰ কলাত মুনিক বিচাৰি ফুৰোঁতে অলপ

আগতে প্ৰেয়সীক এইখিনি কৈ আছিলোঁ

আন্ধাৰ-মুন্ধাৰ ঘৰটোত পৰক বুলিয়েই পোহৰ

কবিতা মাতি আছিলোঁ। বাঢ়ক বুলিয়েই মৰম গোলাপী

জামুত বিচাৰি আছিলো - ওলমি থকা লাজ

 

উশাহত থকা শব্দবোৰত এই যেন সুমথিৰা সুগন্ধি!

 

আজি বতৰ গোমা- আহাঁ কবিতা পঢ়োঁ

আইক মনত পেলাই নদীৰ গৰাত বহি চাম তিলফুল ৷

 

ভ্ৰাম্যভাষ : ৮৬৩৮১৪৭৫১৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ