অন্যযুগ/


এখন হাতল ভগা চকী

জুনু বুঢ়াগোহাঞি নাথ

 

 

এইযে আমি কিমান হেৰুৱাই আছোঁ

নিজক নিজৰে পৰা

হেৰাই আছোঁ ইজন-সিজনৰ পৰা

কাৰো খতিয়ান নাই ৷



কোমল মাটিত গজা গাঁওখন

হেলনীয়া বতাহত ঢলি পৰিছে

উজুটিত নখ ছিঙি

আবিয়ৈ নগৰখনে অকালতে হেৰুৱাইছে নিয়ত

অবলা অৰণ্যৰ মাজত জী থকা যৌৱন ৷


 

হেৰুওৱাৰ ভয়ত

পৃথিৱীৰ আস্তাবলত বিৱেকক শুৱাই থৈ

ক’লৈ ঢপলিয়াইছোঁ নাজানো

তিনিটা কঠিন তৰপ অতিক্ৰমি পাইছোঁ

নাৰিকলৰ শুকান ভিতৰখন

জীয়াই থাকিবলৈ ইমান যতন !



কথাবোৰ ঈশ্বৰক সুধিলে কয় -

এতিয়া বহুত ঈশ্বৰ উপজিল

সিহঁতৰ অসীম সামৰ্থ্য

নুৰিয়াই থ’ব পাৰে

অব্যক্ত পৃথিৱীৰ অৰ্থ

মন গ’লেই বেলিটো ঢাকি

তৰি দিব পাৰে চন্দ্ৰতাপ

আভুৱা ভাঁৰি জুখি আছে

সৰল মানুহৰ তেজৰ উত্তাপ ৷


 

আকাশে বতাহে

নিষিদ্ধ পতাকা এখনৰ লহৰ


আৰু অধিকাৰবোৰ ?


সুৰুঙাৰে সৰকাই ঠেলি দিয়ে দূৰলৈ

হেৰুৱাই শেষ হোৱাৰ পাছত

বিচাৰি যোৱা মানে

নিয়মবোৰ হৈ পৰে 

হাতল ভগা চকী এখন ৷


 

ঠিকনা :

জুনু বুঢ়াগোহাঞি নাথ

সৰুমটৰীয়া

ডাক :  দিশপুৰ

জিলা : কামৰূপ, গুৱাহাটী-৬

ভ্ৰাম্যভাষ : ৯৪৩৫৭৩৩৩৯৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ