অন্যযুগ/


প্ৰেমৰ বাবে

 পৰাগজ্যোতি মহন্ত

 

জানিবও পাৰে শেষ হৈ অহা কফিৰ পিয়লাই

প্ৰেমৰ বাবে চুমা নে চুমাৰ বাবে প্ৰেম

 

ল কি নহল সঠিক স্থান ওঁঠযোৰৰ

বাচি ললে চুমাই তাতে প্ৰাণ অথবা মান

 

আছেনে কৰবাত এই মূলূকৰ কোনোবা কোণত

সহজ কাম প্ৰেমত পৰাতকৈ

সৰ্বস্ব পায়ো যত হেৰুৱাবলৈও তেনেই সহজ

 

খালি হৈ পৰি ৰয় প্ৰেমৰ বাবে কফিৰ পিয়লা

তলি উদি হৈ সুৰাৰ পাত্ৰ

ধোঁৱাৰ কুণ্ডলী ৰচি চিগাৰেটৰ আয়ু আহে টুটি

 

যতমানে নামধাম প্ৰেমেই সকলোতে

এৰাএৰি অথবা লগালগি প্ৰেমৰ বাবেই

 

প্ৰেমৰ বাবেই উশাহ ঘন

প্ৰেমৰ বাবেই হুমুনিয়াহ দীঘলীয়া

প্ৰেমৰ বাবেই হাঁহিবোৰ সুগন্ধ

প্ৰেমৰ বাবেই চকুলোত বুৰ যায় চকু

প্ৰেমৰ বাবেই ভাবঘন

প্ৰেমৰ বাবেই মগন তন মন

প্ৰেম চমৎকাৰ

 

কি প্ৰেম চমৎকাৰী

প্ৰেম কি চমৎকাৰী

 

ওঁঠযোৰৰ স্থান হলনে নহল সঠিক

পৃথিৱীৰ ইমানবোৰ ওঁঠৰ পাৰে কোনে ক

 

চুমাবোৰ গলাব পৰাকৈ

সাঁচেনে প্ৰেমে উষ্ণতা ওঁঠবোৰত ?

 ...

 

ঠিকনা : 

পুথিপঢ়া গজলা সত্ৰ, মৰাণ-সোণাৰি পথ

ডাক : বিশ্ৰামপুৰ, মৰাণহাট, চৰাইদেউ- ৭৮৫৬৭০

ভ্ৰাম্যভাষ ডাক :  ৯১০১০৫১৯৬৭


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ