অন্যযুগ/


হোৱাটছ গয়িং অন

 ৰিপুঞ্জয় বৰুৱা ঋমন

 

 হোৱাটছ গয়িং অন ?

 

ঢেৰ কিবাকিবি ।

 

দ্যা কাশ্মীৰ ফাইলছ-গংগুবাই কুঠিয়াবাড়ী

 

ৰিলায়েঞ্চ বনাম চৰ-কাৰী চা-কৰি

 

গৰু গা-হৰি

 

নেমু পুৰাণ 

 

যৌন চেতনা যৌন যাতনা গৰ্ভপাত ৰক্তপাত ৰক্তচাপ

 

চুপাৰথিন কণ্ডম । 

 

আৰু ?

 

আৰু আই-পিল, মালা-ডি ! 

 

ডি মানে ডিজঅৰ্ডাৰ  

ডিস্ক্ ডিজিজ্ মনৰ, দেহৰ, দহৰ ।

 

প্ৰতি মাইক্ৰ'ছেকেণ্ডত বাঢ়ে ডাৰ্ক বানানা !

 

ই কি মেনিয়া

যাৰ ৰক্ত বগা

যাৰ সোৱাদ নিমখীয়া ।

 

কামদেৱৰ কংকালত কামসূত্ৰৰ কথা

 

কথাবোৰ মানসিক ডিফিচিয়েঞ্চী  

ইনকামিং কলৰ সুবিধা নোহোৱাৰ দৰে ।

 

টেঁটু গুৰিলৈকে গিলি 

গেলেক্সীত মস্তানৰ টিঘিলঘিলনি ।

 

 

ঠিকনা :

বিৰিণা পথ, গৃহ নং - ৩
জনকপুৰ চাৰিআলি, কাহিলীপাৰা
গুৱাহাটী-১৯
ভ্ৰাম্যভাষ-৬৯০১৮৫৬০৮৫

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ