অন্যযুগ/


মই বুলডজাৰে কৈছোঁ

 জুবিলী গগৈ


 

নাম শুনি ভয় নাখাব

নামে-কামে মই একে বুলি কয়

মুখাৰ আঁৰত হেনো মুখ নাই

কথা সজাবলৈ শিকা নাই

 

চেহেৰা দেখি ভ‌য় নাখাব

নিজৰ ভৰিৰে যে যাব নোৱাৰোঁ

নিজে গৈ আপোনাক

একো কৰিবগৈ নোৱাৰোঁ

দুৰ্বলতা মোৰ তাতেই

দুখ মোৰ তাতেই

আনৰ দ্বাৰা চালিত হোৱাৰ দুখ

আপুনি বুজিও হয়তো নুবুজিব

 

ধ্বংসৰ প্ৰতীক হেনো মই

ভঙাই মোৰ ধৰ্ম

কিন্তু আচৰিত কথাটো হ’ল

আপোনালোকৰ নিচিনা কোনোবাই

মোক ধ্বংসৰ প্ৰতীক কৰি গঢ়িলে

 

মোৰ নাম লৈ শিশুটিক কিয়নো খুৱায় ভয়

ভ‌য়ৰ টোপনি সঁচা নহয়

এনে টোপনিত সপোনৰ মায়া নাথাকে

 

কংক্ৰিটৰ মাজতো যে সেউজীয়া গজে

এই কথা আপুনি ভালকৈয়ে জানে

 

মোৰো যে অনুভূতি আছে

চকুলো মচোঁ ময়ো নিৰলে

যেতিয়া ভাঙি যাওঁ

ভগা পঁজা

মহতীয়াই যাওঁ কিতাপৰ ঠাক

ফুলৰ বকুল-বাগিচা

 

সিদিনা ময়ো আপোনাৰ লগতে উচুপি উঠিছিলোঁ

যিদিনা কণমানিজনীয়ে কিতাপৰ জোলোঙাটো লৈ

তৰা-নৰা ছিঙিছিল আৰু

মোৰ সমুখতে উফৰি পৰিছিল

ভীতিগ্ৰস্ত মাকৰ কৰুণ চকুহালে

আজিও আন্ধাৰত মোক আমনি কৰে

 

নিয়ৰত ময়ো জুৰুলি-জুপুৰি হওঁ

চকুলোক সজাই ৰাখোঁ দুপৰৰ ঘাম কৰি

নীতিত বিশ্বাস ৰখা নিয়মৰ দাস আমি

নিয়মবোৰটো আপুনিয়ে বনায়

তেনেহ’লে মোলৈ কটাক্ষ কিয়

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ