জীৱন কিশোৰ
মই শুকান পথাৰত নীলা ৰঙা সেউজীয়া
চিলা উৰুৱাই থিয় দিলোঁ
বাঁহৰ খুটিত ৰং-বিৰঙৰ ত্ৰিকোণ ধ্বজাবোৰ
দাঙি দাঙি ৰৈ থাকিলোঁ
তোমালোকে ঘূৰিও নাচালা
কাৰণ তাত নতুনত্ব একো নাই
মই সুন্দৰ হাতৰ আখৰেৰে পৃথিৱী শব্দটো লিখি দেখুৱালেও
তোমালোকে গুৰুত্ব নিদিয়া
তাত হেনো নতুনত্ব একো নাই
তোমালোক ইমান বেয়া!
মই নানাপদ ৰং সানি অশেষ কষ্টৰে
টোপনি নমৰা আৰু টোপনিয়ায়ো নমৰা
সৰ্বাংগ সুন্দৰ মানুহবোৰ আঁকি দেখুৱালোঁ
কাৰো কোনো সঁহাৰি নাপালোঁ
তোমালোকৰ নোম এডালো নলৰিল
তাত নতুনত্ব একো নাই
বুজিলোঁ
নতুন নহ’লে কোনো কথাৰ মূল্য নাই ইয়াত
তথ্য হৈ পৰে বেকাৰ অলংকাৰ
অহৈতুকী বিড়ম্বনা হৈ উঠে মতবাদবোৰ
একঘেয়ামী কথা ভাব সুৰবোৰ হৈ পৰে অন্তহীন আমনি
পৌনঃপুনিক অৱসাদ নিত্য নৈমিত্তিক অবান্তৰ
অৱশেষত মই সন্মত হওঁ
মোৰ মাজত যে কোনো নতুনত্ব নাই
এনেকৈয়ে মই ইচ্ছাবোৰ লুকুৱাই থ’বলৈ শিকিলোঁ এদিন
মোৰ অনুৎকণ্ঠা মোৰ নিষ্প্ৰভতাত তোমালোক সুখী হ’লা
কৰতালি মাৰিলা উৎসাহ যোগাবলৈ
আৰু মই হ’লো ত্যাগেৰে তুমৰলি
আশিস ধন্য তোমালোকৰে পচন্দ প্ৰাৰ্থী
ধন্যবাদ!
মোৰ সঞ্চয়বোৰ এতিয়া গাভৰু গাৰুৰ তলত থৈ থৈ
প্ৰজ্ঞানৰ উমেৰে উখহে
চুলিত সনা তেলৰ প্ৰাচীনত্বৰে সুগন্ধিয়াই যায় বতাহলৈ
কপাহী গাৰুটো ওখ হৈ হৈ
পেলনীয়া হৈ পৰে এটা সময়ত
স্বপ্নদোষৰ খমখমীয়া চাদৰত মই যৌৱন ক্ষয় কৰোঁ
তেজ কৰোঁ পানী আদ বয়সত
ৰতিহীন নিৰস ৰাতি ভাঙি ভাঙি
আখৰৰ মহত্ত্বক ডিঙি চেপি হত্যা কৰোঁ
সংকুচিত হ’বলৈ নোহোৱা হৈ নোযোৱালৈ
জঁকাটো গুৰি হৈ ভস্মীভূত নোহোৱালৈ
তেও নতুন ৰূপ তাত একো নাই নাই
যেতিয়া মই মৃত্যুৰ দাঁতিত আহি উপস্থিত হওঁ
পথটো পাৰ হওঁতে
নতুন উশাহেৰে উপচি পৰে মোৰ বুকু
য’ত মই আৰু সূক্ষ্মভাৱে উপলব্ধি কৰো মোৰ সত্তাক
অনুধাৱন কৰো ভুল আৰু বিচ্যুতিবোৰ
কৰণীয়বোৰ হাত সাবটি নকৰাক লৈ
নকৰিবলগীয়াবোৰৰ প্ৰতি আফচোচ জাহিৰ কৰি
মইহে গুনগুনোৱা শুনো
তোমালোক নাতিদূৰৈত ৰৈ
আচলতে তেতিয়াও চিঞৰিয়ে থাকাঁ
মোৰ মাজত যে কোনো নতুনত্ব নাই
নতুনত্ব নাই
***
ফোন : ৭০০২১৪১৫৫৪
