জয়ন্ত দত্ত
ফলাফলৰ খবৰে উতলাই পেলাইছে দুপৰীয়াটোক ঢোলে-ডগৰে, ফটকাৰে...
প্ৰজ্ঞা একাডেমিৰ সন্মুখৰ পথত মোতায়েন কৰা হৈছে যান-বাহন নিয়ন্ত্ৰণৰ আৰক্ষী
এই কিছু সময়ৰ আগতে তাই পাৰহৈ গৈছেহি
যেন এপাহ শেতাফুল
পাহীৰ পৰা পিছলি লালায়িত চকুবোৰে যেতিয়া স্তবক চেলেকেগৈ কেইবাবাৰো মূৰ জোকাৰে
স্বাদ হীন..
চুবুৰিৰ জাকজমক ছবিখনত সিঁহতৰ ঘৰখন যেন চিয়াহীৰ এটা কদাকাৰ দাগ...
তাইক সন্ধ্যাৰ প্ৰাৰ্থনাবোৰে টিটকাৰি মাৰে
আধা জ্বলাই নুমাই থোৱা ধুপডালেও
আচনিৰ চাকিটোলৈ খেদামাৰি আহে
অজস্ৰ ম’হ, গান্ধী, উইচিৰিঙা...
পৰীক্ষা ওচৰ চাপিছিলেহি
দৰ দাম মাৰি চুলিৰ সলনি দুই দিস্তা কাগজ লোৱা চুলিবেপাৰী এটাই দুদিন বাৰাণ্ডাত
বহা খবৰটোৱে ৰতিছিল দিনবোৰ
চাইকেলৰ বোজাই বঢ়াই নিশকতীয়া বাপেকটোৱে পৰীক্ষা বুলি আনি দিয়া গাখীৰ পোৱাও
মাকৰ হাতত প্ৰায়ে কাঁচি মাৰিছিল
মেকুৰী খাইছিল তিনিদিননে চাৰিদিন..
অৱশেষত ফলাফল ওলাল
চকুবোৰ ডাঙৰ হৈ গ’ল গাঁওখনৰ
মানুহেই মানুহ ঘৰখনত...
পিছদিনা বাঁহেৰে সাজি লোৱা মেজখনত পৰি
আছে মৰহি যোৱা ফুলৰ কুকি
পিৰালিত বহি বাপেকে গণি আছে আকাশ মাটি
কালিলৈ হাটবাৰ আলহীক সোধোতেই শেষ হ’ল
বেপাৰৰ সমস্ত মূলধন
বাহিৰ ফুৰি ফুৰি হায়ৰাণ জীয়েকে মাকক কৈছে
আধাপেটিয়েই ভাল ...
ম’বাইল -৯৩৬৫৪৫৭৭৫১
