ভাস্কৰ জে নাথ
তোমাৰ ফটো এখন দেখিলো আজি
সুৰ্যাস্তৰৰ পিনে তুমি প্ৰেমৰ ভংগীমা দেখুৱাইছা
দুহাত মেলি
মোৰ ল'ৰাহতে মেলনক চাবলৈ উদ্বাউল হৈ আছিল
পোষ্ট
উত্তৰ আধুনিকৰ দোহাই দি
পোষ্ট
কিনো কৰিলে
একেই পুৰণি ইষ্টাইল
তাতোকৈ
মোৰ ককাই বৰ ইষ্টাইলত
হোকা হুপিছিল
বেজবৰুৱাৰ সাধুত
অলৌকিক কথা হৈছিল
ভেকুলীয়ে হাল বাইছিল
চিলনীয়ে গাইছিল গান
মইটো পোষ্ট মেলনতকৈ বেছি
চহকী
মোৰ অতীত আছিল প্ৰেমেৰে সুগন্ধময়
ভালপোৱাৰে ভৰুণ
প্ৰাচীন শিলালিপিত যি খোদিত আছিল
তোমাৰ মোৰ ভালপোৱা
লুইতৰ পাৰেৰে গৈ মই টেমছ নদীৰ
সভ্যতা শিকিছিলো
বৰ্বৰ সময় পাৰ কৰি
তোমাৰ ভালপোৱাৰে
জানো ধুনীয়া পৃথিৱী এখন দেখা নাছিলো!
য'ত দেওডৰিকৰ মাতত
নতুন সুৰ্যাস্ত দেখিছিলো
তুমিও জানো
নাছিলা দেখা!
চাৰিবিঘা গাৱৰ মাটিত মইচোন এতিয়াও
সোনোৱালী সপোনেই ৰচি আছো
আজিৰ পৰা ৫০ বছৰ পাছতো
মোৰ পথাৰখন একেই দেখি আছো
মই গাৱৰ গোৱাৰ নেকি
যে
মই পোষ্ট মেলনক দেখা নাই?
