অন্যযুগ/


ৰাতিৰ কথা

 হিল্লোলজ্যোতি সিংহ

 

ৰাতিটোৱে গজালি মেলে গধূলি

তুলসীতলৰ চাকিটো জ্বলি উঠাৰ সময়ত

মগৰীবৰ আজানৰ সুৰটোও ভাহি আহে

চোতালত ঢাৰি পাতি পোনাকণে

নেওতা মতাৰ তালে তালে

এখিলা দুখিলা তাৰ পাত গজে

জিলিৰ মাতৰ লগে লগে

লহপহীয়াকৈ বাঢ়ে কুমলীয়া দেহা

 

দুপৰ নিশা

ডাল-পাতবোৰে আকাশ চোৱেগৈ

তৰাফুলে চামিয়না তৰে ৰাতিৰ শিৰত

  

কেতেকীৰ শেহনিশাৰ কান্দোনত

তৰাফুল সৰি দূবৰি উপচি পৰে

কাঁচিজোনলৈ চাই হুমুনিয়াহ কাঢ়ে

ৰাতিৰ লঠঙা ডালবোৰে

শুকাই-খীণাই পুৱতিলৈ শেষ হয়

ৰাতিৰ আয়ুস

ধলপুৱাতে সেই বতৰা দিয়ে কাউৰীবোৰে

 

আকৌ আৰম্ভ হয়

আৰু এটা ৰাতি-পুলি ৰুবলৈ

দিনটোজোৰা বেলিৰ প্ৰস্তুতি

***

ভ্ৰাম্যভাষ - ৯৪৩৫১২০০৭৬


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ