অন্যযুগ/


এজাক পোহৰ গিলা কীট

হেমচন্দ্ৰ কছাৰী

 

অণ্ডকোষত মাইক্ৰ’প্লাষ্টিকৰ ভৰ

শূন্য এটাৰ কিৰিলিত নিদ্ৰা সৰিছে

সপোন ভাগিছে

 

নিদ্ৰাহীনতা মানেই কেৱল তগৰ-জবা অথবা

ইচাট-বিচাট ভোকৰ তামাচা নহয়

 

ভয়

 

শোকৰ মালিতা গাই গাই দীন দাইটি- নল বৰপাইহঁতে

কাণ থিয় কৰি ভয়ে ভয়ে শুই পৰে

ধূসৰ হৈ পৰিল নৈ পাৰৰ ছবি

 

সন্ধিয়া এইবাটেদি এতিয়া

টোকাৰী গীতৰ সমদল নাহে

নাহে বৰষুণ বিচাৰি নাঙল-ঢেঁকী চুৰ কৰা

ভেকুলীৰ বিয়া পতা

সেই তেজাল ডেকাজাক 

 

এতিয়া দিন-ৰাতি একাকাৰ কৰি

এজাক কীটে গো-গ্ৰাসে গিলিছে

জেউতি

কেৱল জেউতি

 

বৰ আচৰিত প্ৰাণী ইহঁত

প্ৰেমৰ জালতো নপৰে

ঔষধৰ জালতো নমৰে

 

ইহঁতৰ দুচকুত জিলিকি থাকে

চিৰ খৰাং বতৰৰ ঠিকনা

আৰু মঙহ নথকা বাহু-বুকুৰ অদ্ভুত নক্সাবোৰ যেন

একো একোটা বিষাক্ত সাপৰ বকলা

 

বহুল চৰ্চা হৈছে

ইহঁতে হেৰুৱাব নেকি মাটি 

আছে নেকি পৰ্দাৰ আঁৰতো অজীণ-পাতকী

কোনোবা ৰৌ-বৰালি !

 

ভ্ৰাম্যভাষ-৯৯৫৭৫৪২০৭০

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ