হৰেকৃষ্ণ ডেকা
তেওঁলোকে কয় মেৰুৰ
ঘূর্ণীবতাহ প্ৰৱল হৈ পৰিছে।
কিছু অশান্ত বতাহ তাৰ পৰা ওলাই আহিছে।
বতাহজাক গৃহহীন আৰু ক্ৰুদ্ধ
আৰু সিহঁতৰ খং উজাৰিব বিচাৰে।
মূৰৰ ওপৰত চাল নোহোৱা মানুহ সিহঁতৰ সহজ চিকাৰ
হ’ব।
মইতো সাহসী।
মনত এনেকুৱা কিছুমান ইতস্ততঃ ভাৱ লৈ মই
খোজ কাঢ়ি আছিলোঁ।
বতাহজাকে শুনিলে নেকি?
মই মোৰ মুখত এটা পূৰ্ণ চৰ অনুভৱ কৰিলোঁ।
ওঁঠযোৰ প্রায় অৱশ হৈ পৰিল।
মই নিবিচাৰোঁ মোৰ মাত স্তব্ধ হৈ যাওক।
মোৰ এতিয়াও বহু কথা ক’বলৈ বাকী আছে।
ঐ বাউলি বতাহ, মোক শৃংখলিত নকৰিবা।
কিন্তু তোমাক হেঙাৰ দিবলৈ মই নিশিকিলোঁ,
আৰু সেয়ে মই ঘৰলৈ উভতিছোঁ—
মোৰ আৱদ্ধ আশ্ৰয়স্থললৈ।
মই
তোমাৰ সন্মুখত কিয়
থিয়
হ’ব নোৱাৰোঁ?
ক্ৰুদ্ধ
বতাহ!
তুমি আৰু মই প্ৰকৃতিৰ সৃষ্টি।
তুমি উপাদান, মই জীৱ,
আৰু তাতেই আমাৰ ব্যৱধান।
