অন্যযুগ/


বিষয় : কুকুৰ

 হৰেকৃষ্ণ ডেকা

   

(১) আপুনি কুকুৰ বুলি কওঁতে 

 

মোক আপুনি কুকুৰ বুলি কৈ

নিজৰ পোহনীয়া কুকুৰটোকহে

তাচ্ছিল্য কৰে৷

অনুগত হৈ সি আপোনাৰ সেৱা কৰে,

আৰু প্রতিটো আদেশ শিৰ পাতি লয়৷

সি কেতিয়াও আপোনাক প্রশ্ন নকৰে

আৰু আপোনাৰ আচহুৱা দাবীবোৰলৈও সঁহাৰি জনায়৷

আপুনি আৰু এটা কথা জনা দৰকাৰ৷

যদি মই এটা কুকুৰ হওঁ

আপুনি তেন্তে কুকুৰৰ ৰখীয়া৷

আপোনাৰ জ্ঞানৰ বাবে এইষাৰ কথাও শুনক,

মই আপোনাৰ কাৰণে কুকুৰ, কিন্তু

আপোনাৰ গৰাকীৰ বাবে আপুনিও এটা কুকুৰ৷

 

মই বাৰু এটা কুকুৰেই,

কিন্তু ভুকভুকায় দেখোন আপুনিহে ৷

 

(২)  এদিন এটা ধেকুৰা কুকুৰে

 

এদিন এটা ধেকুৰা কুকুৰে 

মোক কামুৰি দিছিল।

মই একো কৰিব নোৱাৰি পলাইছিলোঁ।

পাছত মই ডাঙৰ হ’লোঁ।

নতুন পোৱালি হোৱা মাকজনীয়ে মোলৈ চাই ক’লে,

বৰ দেখনিয়াৰ হলি দেই।

সঁচাই মই ডাঙৰ হলোঁ। 

ধেকুৰা হ’লোঁ।

আৰু ভেকাহি মাৰি তাইৰ নতুন পোৱালি এটাক 

কামুৰি দিলোঁ।

মাকজনীয়ে গেঙেৰি মাৰি উঠিল।

নতুন পোৱালিৰ মাকৰ খং চোকা।

 

মই ফেপেৰি পাতিলোঁ। 

পাছত পলালোঁ।

 

নাভাবিবা যে তোমালোক মানুহবোৰ ইয়াতকৈ বেলেগ।

---

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ