হৰেকৃষ্ণ ডেকা
বছৰৰ শেষ দিনটোত
বেলি ডুবাৰ সময়ত
পশ্চিমৰ হেলনীয়া হেঙুলীয়াখিনিলৈ চাই
মই নতুন বছৰৰ প্ৰথম পোহৰৰ প্ৰতীক্ষা কৰিছোঁ।
কেৰ্কেটুৱাটোও ৰৈ আছে,
ভ্ৰুক্ষেপ নকৰাকৈ,
দিন-বাৰৰ হিচাপ নকৰাকৈ,
কুমলীয়া ঘাঁহ আপোন মনেৰে কুটি,
সন্তোষেৰে পেট পূৰাই।
(২)
৩১ ডিচেম্বৰ
কাইলৈ ফেহুঁজালি ফালি
উভতি আহিলে
বেলিটো বেলেগ হৈ আহিব নেকি?
দোকমোকালি বেলিটো ওলালে কওঁ
এটা নতুন দিন৷
কাইলৈ ক’ম নতুন বছৰ৷
এটা পুৰণি বেলি
এটা পুৰণি জোন
এখন পুৰণি পৃথিৱী৷
কিন্তু প্রতিটো দিনেই নতুন দিন৷
প্রতিটো বছৰেই নতুন বছৰ৷
যদিও কেৱল নির্ভৰ ভৰ,
নহলে সকলো শূন্য,
ক’ৰবাত এটা ঈশ্বৰ-কণাই
কিবা কৌতুক কৰি আছে৷ আৰু সেয়েই
পৃথিৱী ঘূৰি আছে,
পুৰণি হৈও নতুন হৈ আছে৷
***
টোকা: ভৰ-mass
ঈশ্বৰ-কণা-higgs
particle, যি অন্য কণাক ভৰ দিয়ে।
