গুণ মৰাণ
ঠিকনা
গ্ৰন্থকীটে হাত দাঙি ক’লে- কবিতা তেজৰ ৰক্ত কণিকা
পোৰণি
বেলিক দেখি জ্বলে জোন- জোনক দেখি জ্বলে তৰা
চাৰিটা চকু
তাইৰ চাৰিটা চকু- দুটা দুজন দৰ্শক আন দুটা দুজনী নাচনী
সন্তান
সুখতো কন্দুৱায় সি দুখতো কন্দুৱায়-কন্দোৱাবহে জানে
পৰিহাস
বোকাত ভৰ থৈ নাচি থাকে পদুম- বোকাই নেদেখে পদুমৰ মুখ
কাব্য-ৰস
ফুলৰ ঠাৰিডালেই ৰসৰ ভাণ্ডাৰ-পাহিবোৰ অলংকাৰ
দুটি নক্ষত্ৰ
মূৰ দুপিয়াই দূৰৰ পৰাই মিচিকিয়াই মাতে