অন্যযুগ/


বুকুত কঢ়িয়াই ফুৰোঁ জোনাক

গীতুমণি তালুকদাৰ

 

বাট চাই থাকোঁ

সেই দিনটোৰ বাবে

 

যিদিনা এজনৰ বুকুৰ পোহৰ

নিঃশব্দে গৈ

আনজনৰ বুকু পোহৰাই তুলিব

আৰু এন্ধাৰে

নিজৰ ভিতৰতে

বিচাৰি পাব

এখন খিৰিকী

 

যিদিনা ডাৱৰবোৰ

চকুৰ পৰা আঁতৰি যাব

আৰু দুচকুৰ গভীৰত

আকাশে নীলাৰ এচমকা ৰং সানি থৈ যাব

এটি পুৱা

 

যিদিনা শিশুৰ মুঠিত

ৰ’দৰ পখিলা উৰিব

আৰু সপোনে

ভোকৰ শুকান মাটিত

সজাই তুলিব

এখনি সেউজীয়া ঘৰ

 

যিদিনা ঘৃণাই গঢ়া দেৱালখনৰ ফাঁকত

এপাহি শেৱালি ফুলিব

আৰু

তাৰ মৃদু গোন্ধত

শেলুৱৈ ধৰা পাথৰুৱা আখৰবোৰ

লাহে লাহে গলি যাব

বৰষুণত মচ খোৱা

পুৰণি চিয়াঁহীৰ দৰে

 

যিদিনা

কেৱল এষাৰ উমাল মাতেই

মেল খুৱাব ৰুদ্ধ পৃথিৱী

আৰু অচিনাকি মানুহৰ চকুতো

দেখা যাব নিজৰ ছাঁ

 

সেইদিনা

মানুহেই হ’ব

মানুহৰ শেষ আশ্ৰয়

শেষ ঠিকনা

 

সেই দিনটোৰ বাবেই

মই এতিয়াও

বুকুত জোনাক কঢ়িয়াই ফুৰোঁ

এটি গভীৰ বিশ্বাস লৈ

মানুহৰ ওপৰত

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ