অন্যযুগ/


ফাগুন

 গায়ত্ৰী ফুকন


 

পলাশ জোপাক

দেখুৱাই ক’লোঁ

চোৱাঁ

সেয়া ফাগুন ৷

ৰঙা ফাগুন।

 

বান্ধৱীয়ে  ক’লে

মহানাগৰীকক সোধাঁ

ফাগুনৰ ৰং ৰঙানে বগা৷

ধুলিৰ ৰং যে বগা৷

 

হাঃ হাঃ হাঃ

ফাগুনৰ যে অনেক ৰং

প্ৰেমৰ দৰে।

ফাগুন যে প্ৰেমৰ বতৰ ৷

 

মোহাৰি মোহাৰি

ৰঙা নাকটো দেখুৱাই দেখুৱাই

বান্ধৱীয়ে

উষ্মাৰে ক’লে,

ফাগুন মানে কি

মোক সোধাঁ ৷

 

হাঃ হাঃ হাঃ

মই ক’লোঁ

কবিক সোধাঁ

ফাগুনৰ ৰং ৰঙানে বগা ৷

 ***

ভ্ৰাম্যভাষ - ৭০০২১৯৮৪৫৪

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ