গায়ত্ৰী ফুকন
ধীৰে ধীৰে হেৰুৱাইছোঁ তোমাৰ ঠিকনা
বুকুত গজি উঠিছে নব্য ঔপনিৱেশিক চহৰ
তোমাৰ বুকু খান্দি
পোৰা মঙহেৰে
গঢ়ি তুলিছোঁ
অট্টালিকা ৷
খেতিয়কৰ দুচকুত
আজিও তুমি
চুব নোৱৰা সপোন ৷
বিদ্ৰোহী কবিৰ কলমত
প্ৰাণপোৱা
অন্তহীন শোষণ
বঞ্চনাৰ তেজৰঙা ইতিহাস ৷
পথাৰ ,
আমি আকৌ
সেউজীয়া বিপ্লৱেৰে
ভোগালী হওঁ আহা ৷
কোনেও নুবুজিলেও
ভোকাতুৰ মানুহে বুজি পায়
তোমাৰ, আমাৰ
ক্ষোভ আৰু বেথা ৷
আচলতে
ভোকাতুৰ মানুহ
আৰু
পথাৰ
একেটা সুৰত গঁথা
এক প্ৰাচীন শোকগাঁথা... ৷
