অন্যযুগ/


পথাৰৰ শোকগাঁথা

গায়ত্ৰী ফুকন


ধীৰে ধীৰে হেৰুৱাইছোঁ তোমাৰ ঠিকনা

বুকুত গজি উঠিছে নব্য ঔপনিৱেশিক চহৰ

তোমাৰ বুকু খান্দি

পোৰা মঙহেৰে

গঢ়ি তুলিছোঁ

অট্টালিকা ৷

 

খেতিয়কৰ দুচকুত

আজিও তুমি

চুব নোৱৰা সপোন ৷

বিদ্ৰোহী কবিৰ কলমত

প্ৰাণপোৱা

অন্তহীন শোষণ

বঞ্চনাৰ তেজৰঙা ইতিহাস 

পথাৰ ,

আমি আকৌ

সেউজীয়া বিপ্লৱেৰে

ভোগালী হওঁ আহা ৷

কোনেও নুবুজিলেও

ভোকাতুৰ মানুহে বুজি পায়

তোমাৰ, আমাৰ

ক্ষোভ আৰু বেথা ৷

 

আচলতে

ভোকাতুৰ মানুহ

আৰু

পথাৰ

একেটা সুৰত গঁথা

এক প্ৰাচীন শোকগাঁথা... ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ