অন্যযুগ/


গৃহহীন

 গায়ত্ৰী ফুকন


 

এবাৰ কাণ উনাই

শুনিবচোন,

মৃত অৰণ্যখনত

কোনে বিনাই?

চৰাইৰ চুবুৰী বিচাৰি

কিদৰে

ঘুৰি ফুৰে অঘৰী চৰাই।

 

আপুনি-মই

গালি-গালাজেৰে খেদি পঠিওৱা,

বান্দৰবোৰৰ

জানো নাছিল এখন ঘৰ,

আহাৰ বিচাৰি খাবলৈ

এখন নিজা অৰণ্য?

 

সোণাৰুৰ হালধীয়া তৰাবোৰ

য’ত থোপা-থোপে সৰিছিল,

সিহঁতেও উমলি-জামলি

মেৰিয়াই লৈছিল

বৰণীয়া সুখ!

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ