গায়ত্ৰী দেৱী বৰঠাকুৰ
ধায়ে তোৰ-মোৰ
নাই কটাৰ দিন ধৰি
আই
মই তোৰ হ’ব পৰা নাই
মোৰ কৰি ল’ব পৰা নাই
তোৰ চকুলো
অথবা তোৰ সমস্ত দুখ
আই হুমুনিয়াহবোৰ তোৰ
মোৰ ভাগত ফচল
তোৰ কপালৰ ঘামৰ
মই মচিব পৰা নাই
তোৰ য’ত গ্লানি-অপমান
আঁতৰাব পৰা নাই
তোৰ মুখৰ আঁচোৰ – সময়ৰ
বৰ ভাগৰ
সাতো জনমৰ কথা নকওঁ আই
এই জনমতে মই চোন তোৰ
পো হ’ব পৰা নাই
পো হ’ব পৰা নাই
পো হ’ব পৰা নাই ....
