অন্যযুগ/


সুন্দৰী

 গায়ত্ৰী দেৱী বৰঠাকুৰ


 

সেই তাহানিতেই 

নাৰীৰ অৱদমিত ইচ্ছাক 

উদঙাই দেখুৱাইছিলে 

সুন্দৰীয়ে

 

চাকিৰ পোহৰত 

ক’লা আখৰৰ উজ্জ্বলতাৰে 

যুগজয়ী আত্মজীৱনীৰ 

সোণালী পাতত 

আঁকিব খুজিছিল 

আমাৰ জীৱন 

 

চকুলোক চিয়াঁহী কৰি 

লিখিব খুজিছিল 

সফলতাৰ অমোঘ মন্ত্ৰ 

 

সুন্দৰীক 

কৈ দিবা 

এতিয়াও 

স্বাধীনতা

আৰু 

আমাৰ 

কৌটিকলীয়া সংগ্ৰাম 

 

(যদিও আমি আকাশৰ আধাফাল )

তথাপি  

আকাশ চাবলৈ আমি 

গোপনে কৰিবলগীয়া হয় 

সূৰ্যপ্ৰণামৰ স্বৰলিপিৰ সংস্কৃত পাঠ....

 

(আজিৰ পৰা ডেৰশ বছৰৰ আগতেই ১৮৭৬ চনতেই  আধুনিক বাংলা সাহিত্যত ‘আমাৰ জীৱন’ নামৰ  প্ৰথম পূৰ্ণাংগ আত্মজীৱনীৰে উল্লেখযোগ্য স্থান অধিকাৰ কৰা, মূলতঃ নাৰীবাদী তথা লিঙ্গ বৈষম্যৰ বিৰোধী ৰামসুন্দৰী দেৱীয়ে নিজৰ সংঘাত আৰু সংগ্ৰামেৰে পৰিপূৰ্ণ সংসাৰৰ তিক্ততা একাষৰীয়া কৰি চাকিৰ পোহৰত  ব্ৰতী হৈছিলে শিক্ষাগ্ৰহণত। এগৰাকী নাৰীৰ অৱদমিত ইচ্ছাৰ প্ৰতিফলক ৰামসুন্দৰী দেৱীৰ আত্মজীৱনী ‘আমাৰ জীৱন’।)

 

---

 

তেজপুৰ।শোণিতপুৰ--784001

 

ভ্ৰাম্যভাষ - ৮৮২২৯৪৩০৬৪

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ