অন্যযুগ/


শকুন্তলা

 গায়ত্ৰী দেৱী বৰঠাকুৰ

 

উত্তৰাখণ্ডৰ ঘৰবোৰ ফাঁটোতে

যোশীমঠৰ বেৰবোৰ কঁপোতে

শকুন্তলাৰ চেলফোন আছিল 

ফ্লাইট ম’ডত 

 

 মন আকাশত নিৰন্তৰ উৰি আছিল 

 শান্তিৰ বহুকেইযোৰ   চৰাই 

 

নিজৰ অজানিতেই

শকুন্তলা

 

নিৰুদ্দেশ হৈ থাকিব খোজে 

আশংকাৰ পৃথিৱীৰ পৰা 

 

আত্মগোপন আৰু স্বনিৰ্বাসনৰ মাজৰ    

নামমাত্ৰ পাৰ্থক্য 

বুজি নাপায় শকুন্তলাই 

 

শকুন্তলাৰ মুখত প্ৰাকৃত ভাষা

 

শকুন্তলাই পাঠোদ্ধাৰ কৰিব নোৱাৰে

ইজৰাইল - গাজা  অথবা                      

ৰাছিয়া - ইউক্ৰেইনৰ 

ক্ষত- বিক্ষত  বুকুৰ 

অস্ফুট লিপি

 

(ইজৰাইল- ইৰান আৰু আমেৰিকাৰ ???

 অসহায় কান্দোনৰ স্বৰলিপি কেনেকৈ বুজিবা, শকুন্তলা)

 

আশ্ৰম কন্যা শকুন্তলা

যা সৃষ্টিঃ স্ৰষ্টুৰাদ্যা 

 

চপলা হৰিণী প্ৰাণত 

প্ৰেমিক ভোমোৰাই

স্বেচ্ছাই ৰাগ  মালকোশৰ  

ৰেৱাজ কৰি যায় 

 

শকুন্তলাই সুখৰ উশাহ ল’ব পৰা নাই 

 

শকুন্তলাই বিচাৰে 

পৃথিৱীৰ সকলোবোৰ 

মাছৰে মুখস্থ থাকক

বসুধৈৱ কুটুম্বকমৰ 

প্ৰাচীন নীতি 

 

 অভিজ্ঞান অবিহনেই শকুন্তলাই 

 অহৰ্নিশে কৰিব খোজে

 স্পেচ ড’কিং*  ইদানীম্**.....

 ***

*মহাকাশত তীব্ৰগতিৰ  ঘূৰি থকা দুটা কৃত্ৰিম উপগ্ৰহক একত্ৰিত কৰা প্ৰক্ৰিয়া।

**এতিয়া

---

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ