গায়ত্ৰী দেৱী বৰঠাকুৰ
কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে
যে খৰস্ৰোতা নদীবোৰে
ক্ৰমাৎ পাহৰি পেলাইছে
গতিশীলতাৰ সুপ্ৰাচীন স্বৰলিপি
আকাশ ধিয়াই বাঢ়িব খোজা গছবোৰে
উদ্ভ্ৰান্তৰ দৰে অকস্মাৎ
আৰম্ভ কৰিছে প্ৰলাপ
শস্য শ্যামল উপত্যকাত
হঠাতেই বাজি উঠিছে
কোনো এক সকৰুণ ৰাগ
দলতি বজ্ৰস্য হৃদয়ম্
অতৃপ্ত পথাৰত
সেইয়া কোনে কৰ্ষণ কৰিছে
আদিতম শৃংগাৰ
কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে
যে ক্ৰমশঃ টুটি আহিছে
সগৰ্ভা পৃথিৱীৰ চম্পাৱতী আয়ুস....
ম’বাইল : ৮৮২২৯৪৩০৬৪
