গাৰ্গী ভূঞা
আদিতে আছিল শূন্য,
শূন্যৰ বুকুতে জন্ম হ’ল এক,
একৰ পাছত আকৌ এক...
সৃষ্টিয়ে নিজৰে পুনৰাবৃত্তিত
নিজকে পুনৰ গঢ়িছে
অদৃশ্য মঠৰ মহাৰহস্যত।
প্ৰতিটো সংখ্যাৰ একেই নিশ্বাস,
বান্ধ খাই থাকে
অজান জপমালাৰ দানাত,
একেডাল মালতে বান্ধ খাই থাকে ভূত, ভৱিষ্যত আৰু বৰ্তমান
গগনৰ নক্ষত্ৰমণ্ডল,
পাতৰ বিন্যাস,
শঙ্খৰ গূঢ় ধ্বনি,
ঢৌৰ নিঃশব্দ সুৰ,
আৰু মোৰ জন্মসূত্ৰ ...
সকলোৱে মিলি গায় একেই ধাৰা,
এক অনন্ত অনুক্ৰম।
ই কি কেৱল গণিত?
নে ধ্যানৰ সুপ্ত ধাৰণাত গঢ়া
অলৌকিক মন্ত্ৰ?
ঋষি পিংগলে যাক ছন্দৰ মায়াত বিচাৰি পাইছিল,
তলুৱাৰ অন্তঃস্থ গোপন আৱেগত শুনিছিল
ব্ৰহ্মৰ নিঃশব্দ নিশ্বাস!
ফিবোনাচ্ছি -
আদি-ঋষিৰ মঠৰ বীজ,
য’ত, ছন্দৰ গণনাই উন্মোচন কৰিছিল
জীৱনৰ গুপ্ত শাস্ত্ৰ।
এই ধাৰা,
সংখ্যাৰ বিজ্ঞান নে মহাজপ?
য’ত সংখ্যাৰ দৰে ব্ৰহ্মাণ্ডেও নিজক পুনৰাবৃত্তি কৰে
অসীম সমবেদনত।
কবিয়ে লিখে, গায়কে গায়,
ঢোলৰ বোলত, মন্দিৰৰ ঘণ্টাত...
মোৰ মৃত্যুত, মোৰ অচেতন আত্মাই উচ্চাৰণ কৰে
ফিবোনাচ্ছিৰ সেই অমৰ মন্ত্ৰ।
***
ফোন : ৯৪৩৫০৯৬৫২২
ই-মেইল : bhuyangargi@gmail.com
