অন্যযুগ/


টাৱাৰ অফ ছাইলেঞ্চ


নৱ ৰাজন


শৱটো শুৱাই থৈ

কিছুপৰ তাতে জিৰালোঁ


বহু বাটৰুৱা পাৰ হৈ গ’ল


কাৰোবাৰ লোলুপ চাৱনি

কাৰোবাৰ কিৰিলি


বুজিলোঁ–

মৃত্যুৰ পাছত একো বাকী নাথাকে


এন্ধাৰৰ খিৰিকী খুলি 

উৰি গ’ল 

বুকুৰ পোহনীয়া জোনাকী

চমকি উঠিল

'টাৱাৰ অফ ছাইলেঞ্চ'


জিলিকি উঠিল–

'হাঁহিবলৈ নিজে শিকা,

কান্দিবলৈ আনে শিকাব।'


এতিয়াহে যেন মই পূৰ্ণ

নিজৰ শৱটো তাতে এৰি

আঁৰি দিলোঁ–

'ইয়াত প্ৰৱেশ নিষিদ্ধ'।


টোকাঃ 'টাৱাৰ অফ ছাইলেঞ্চ'– পাৰ্ছীসকলৰ শেষকৃত্য সম্পন্ন কৰা স্থান,য’ত মৃতদেহ শগুণ আদি মাংসহাৰী প্ৰাণীক খাবলৈ এৰি দিয়া হয়।


ঠিকনা :

গাঁও+ডাক–ৰজামায়ং

জিলা– মৰিগাঁও (অসম)

দূৰভাষ–৯৮৫৪৭৭৬১১৯

পিন-৭৮২৪১১

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ