অন্যযুগ/


চিৰন্তন

 

মৃদুল শৰ্মা



বৰ হেঁপাহৰ

ঘৰখন

বাসিন্দাসকলৰ

 

ইজন সিজনৰো

 

অতিথিসকলকো আদৰে হাঁহিমুখে

যদিও অপেক্ষাত নৰয়

কোনো অতিথিৰ বাবে

 

যাৰ বাবে প্ৰত্যেকেই

প্ৰতীক্ষাৰত

সি কাকো হাঁহিবলৈ

নিদিয়ে

 

তাক কোনেও আদৰি নলয়

হাঁহিমুখে

 

কিন্তু সি নহাকৈ নাথাকে

আৰু

সি ঘৰখনক ঘৰ কৰি নথয়

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ