অন্যযুগ/


তৰমুজৰ দৰে

 নিৰু দত্ত

 

চৰাইৰ কিচিৰ-মিচিৰ আৰু স্তুতিগীতত

সাৰপোৱা ফেঁহুজালি এটা বুকুত জীয়ন দি থলোঁ ।

 

কথাবোৰে খলখলাই বাট নোপোৱা দিনবোৰত

তৰমুজৰ ভিতৰত মনটো ভৰাই 

উদং হৈ  চৰাই হ’লোঁ।

ৰজা চৰাই এটাই নিলিখা কিতাপখন মেলি ধৰে

“মুকলি-মূৰীয়া চৰাই বিনন্দীয়া তথাপি লাগিব  বান্ধোন”

 

কিচিৰ-মিচিৰবোৰ বাঢ়ি বাঢ়ি ঢৌ নৌ হওঁতে

নিলিখা কিতাপখনত লিখা হ’ল

চৰাই-সংবিধান ।

 

মোলান পৰা চৰাইৰ ৰংবোৰ

আবেলিৰ আকাশে সাঁচি থয়

তৰমুজে ৰঙাখিনি ধাৰণ কৰে বুকুত ।

 

ঠিকনা :

সৰুপথাৰ - ৭৮৫৬০১

গোলাঘাট

ভ্ৰাম্যভাষ : ৭০০২২৪১১৪৫ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ