অন্যযুগ/


নদীৰ মোহত বন্দী গাভৰুজাক

লক্ষীপ্ৰসাদ ৰেগন

 

পাৰতে গাগৰি এৰি

নামিছে গাভৰুজাক বোঁৱতী নদীত

পানী কাউৰীৰ দৰে শুভ্ৰ বুকু তিয়াই

আৰম্ভ হ’ল খিলখিল হাঁহি

 

তাৰে মাজৰ কোনোবাজনী যেন ৰাধাহে

সকলোৱে বিভোৰ এতিয়া যমুনা তীৰত

 

পাৰৰ গাগৰি অতিষ্ঠ হৈ

পাৰতে লুটি-বাগৰ মাৰিছে

এতিয়া গাভৰুজাকৰ মৌন ওঁঠে ওঁঠে

অইনিঃতমৰ কলি

 

নদীৰ সোঁতে সোঁতে বৈ যায়

নৈপৰীয়া গাভৰুজাকৰ

মিঠা অইনিঃতমৰ গুণগুণনি

ফটিক পানীত মুখ গুঁজি

আপোন পাহৰা হয় ঘাটৰ ৰমণী

 

ভ্ৰাম্যভাষ : ৮৪৮৬৭৭৩২০২

 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ