প্ৰয়াগ শইকীয়া
উৰণীয়া মনে দিলে এটা পাখি
ক’লে কলম কৰি কিবা এটা লিখিবা সখী
পাখিটি চুই দিওঁতেই এজুপি বিৰিখ হ’ল
আৰু অনুভৱ দিলে
মই যে ভূমি
একাঁজলি ৰ’দত
উদ্ভাসিত জীৱন বন্দনাৰে
সুপ্ৰভাত সখী
কুশলে থাকিবা সদায়
অন্যযুগ/
প্ৰয়াগ শইকীয়া
অন্যযুগ
তৰাজান, পুৰণি গায়ন গাঁও পথ
এছাৰ পেট্ৰল পাম্পৰ সমীপত
যোৰহাট, ৭৮৫০০১ (অসম)
ই-মেইল: anyayug@gmail.com