দিব্যাশ্ৰী নিয়ৰ বৰুৱা
সেউজীয়াবোৰ সোণ নহয়
সেউজীয়াবোৰ হয়তো সুখৰ সংসাৰো নহয়!
সিদিনা সমাজৰ শাৰীত
থিয় হ’ব পৰাকৈ আমি আছিলোঁ
ওখ, ধীৰ আৰু স্থিৰ৷
গছপুলি ৰুলেই প্ৰশংসা আৰু পুৰস্কাৰ পায়৷ আকৌ
কটাসকলে হাতত এখন নতুন নগৰ উপহাৰ পায়!
নগৰ হ’বলৈ নগ্ন হোৱাটো বাঞ্ছনীয়!
এতিয়া নিজম সেউজীয়াতকৈ
নগ্নতাৰ মূল্য বেছি অথবা গোলকীয় উষ্ণতাৰ!
সিদিনা ৰাজপথক নগ্ন কৰাৰ
অপৰাধত জুই জ্বলিল আমাজনত৷
আকৌ সিদিনা নগ্ন কৰা হ’ল
গছবোৰক!
ইচ্ছাৰ বিৰুদ্ধে নগ্ন হ’বলগীয়া
প্ৰত্যেকেই এদিন প্ৰতিবাদী হয়৷
কি নাৰী! কি পুৰুষ! কি প্ৰকৃতি!
কথাবোৰ জানো মানুহৰ নহয়?
কথাবোৰ জানো ৰাজপথৰ নহয়?
কথাবোৰ জানো গছৰ নহয়?
এতিয়া প্ৰেমৰ নামত গছপুলি ৰোপণ কৰা হয়
অৰণ্যৰ পুলি-পোখা উভালি
ছাদত গোলাপ ৰোৱাৰ নামেই জানো প্ৰেম?
ভ্ৰাম্যভাষ - ৮৪৭৩৯৫৯২৮৪
