দিপলীপ বৰা
বুকুৰ ভিতৰত
এখন শুকাই যোৱা অৰণ্য জীয়াই আছে
গছবোৰ থিয় হৈ আছে
কিন্তু পাতবোৰে বহুদিনৰ আগতেই
পোহৰৰ ভাষা পাহৰি পেলালে ৷
এখন ক’লা নদী
ৰাতি হ’লেই নিঃশব্দে বৈ থাকে
নদীৰ পানীত
আকাশৰ প্ৰতিচ্ছবি নাথাকে
কেৱল টুকুৰা টুকুৰ হৈ
যোৱা তৰাবোৰৰ
প্ৰতিচ্ছবি উপঙি থাকে৷
কিছুমান মুখ
এতিয়া বিষাক্ত লতাবোৰৰ দৰে লাগে
বাহিৰত সেউজীয়া কিন্তু
ভিতৰখনত অদৃশ্য এসোপা বিষ
মিঠা শব্দবোৰ
এতিয়া শীতল এডাল সৰীসৃপৰ দৰে
স্পৰ্শ কৰিলেই
শৰীৰত নহয়
আত্মালৈ চেঁচা খিনি নামি আহে৷
আয়নাখনো
এতিয়া ধোঁৱাময় হৈ থাকে
তাৰ গভীৰতাত
একুৰা জুইমুখী পাহাৰৰ লাভা
অবিৰাম উতলি থাকে
কিন্তু কোনো শব্দ নকৰে ৷
কিছুমান বজ্ৰপাত
আকাশতে নহয়
বুকুৰ অন্ধকাৰ গুহাতো গুজৰি থাকে
আৰু সেই গুহাৰ কোণতে
এটা ক্লান্ত চৰাই
নিজৰেই ছাঁৰ পৰা পলাই ফুৰে ৷
তথাপিও
ছাইৰ তলত
অকণমান উম থাকি যায়
অৰণ্যবোৰো মৰি নাযায়
মাথোঁ সিহঁত কেতিয়াবা
দীঘলীয়া সময়লৈ মৌন হৈ ৰৈ যায় ৷৷
ভ্ৰাম্যভাষ ৯৬৭৮৩৬৯০০৮
ৰহা , নগাঁও
