ধীমান বৰ্মন
(কবি-ভাতৃ “প্ৰাঞ্জল তালুকদাৰৰ” হাতত)
ধেমালিতে আন এগৰাকী মাতৃৰ
ভাইটোৱে ক’লে
আপোনাৰ কাষেৰেই পাৰ হৈ গ’ল
স্বগৌৰৱে উজলি উঠা ভাষণ-বীৰ
দিনৰ পোহৰত যি মহান
ইমান ভিৰতো
যিজনে খুন্দিয়াই থৈ গ’ল
তেৱেঁই বাতৰিতকৈ আগতে বাতৰি ধৰা
সাংবাদিক আৰু মহান
আৰু মই তাক সুধিলোঁ
ইমান মহানৰ মাজত
আমি কেনেকৈ আছোঁ দুই ধূলিকণা
গডোলৈ ৰৈ নথকা
তাৰ সুতীক্ষ্ণ উত্তৰ
ধূলিকণা বাবেইটো আমি চিনি পাওঁ
দিনৰ মহানক
ৰাতিৰ আন্ধাৰতো
**
