অন্যযুগ/


জন্মদিনত

 ধীমান বৰ্মন


 

জন্মদিনত

প্ৰতাৰণা নহয় পৃথিৱীত

 

জন্মদিনত

প্ৰতিজাক ৰ’দে আগবঢ়াই নিয়ে

মিছিলৰ নায্য প্ৰতিবাদ

 

জন্মদিনত

জুয়ে জাৰ খেদিবলৈ পিন্ধে

সন্ধ্যাৰ উৱলি যোৱা চুৱেটাৰ

 

 জন্মদিনত

পুৰণি এখন বাছ

পুৰণি এখন চহৰলৈ

আহিব আহিব যেন ভাৱনাত

ডুবি থাকে নতুন চহৰৰ গধূলি

 

জন্মদিনত

ভিতৰি তামোলৰ দৰে চকলিয়াও আমাক

আৰু কাৰোবাৰ মুখৰ বিষণ্ণতাত

পাগুলিৰ পাগ হ’বলৈ ৰৈ থাকো

 

জন্মদিনত

যুদ্ধ হয়

মৃত্যু হয়

প্ৰেম হয়

প্ৰতাৰণা হয়

 

আৰু আহে

ধাৰাসাৰ বসন্ত

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ