অন্যযুগ/


গান গোৱা মাছ

প্ৰাঞ্জল হাজৰিকা

 

যুদ্ধৰ শেষত সৰু বৰ যিবোৰ মাছ গৃহহাৰা হৈছিল

সিহঁত পুনৰ উভতি আহিছে

কিছুমান মাছ ক’লা

কিছুমান নীলা

কিছুমান দ্বিমাত্ৰিক ৰঙেৰে ভৰপূৰ

 

এতিয়া প্ৰাৰ্থনাৰ সময়

সকলো মাছেই ক্ৰমান্বয়ে শাৰী পাতিছে

ৰঙীন মাছবোৰ একেবাৰে শেষৰ শাৰীত

সিহঁতে গান গায়

 

কিছুমান নাৱৰীয়াইহে

ৰিণি ৰিণি শুনিবলৈ পায় এই গান

আৰু যৌন উত্তেজনাত ভুগি

লাহেকৈ বৰশীটো পেলাই দিয়ে

 

পানীব’ঠাৰ তালে তালে

সিহঁতে গান গায় আৰু নাচে

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ