অন্যযুগ/


পাৰাস্তম্ভ ১০°

 ৰিপুঞ্জয় বৰুৱা ঋমন

 

পাৰাস্তম্ভ ১০

বিষে কোঙা বাওঁ খোপনি

কুট্কুটনি কামোৰণি

ঠাণ্ডাত বেছি আমনি ।

 

জীৱ যাবলৈ ধৰা

বেচেৰা কোষবোৰে ছটফটাইছে ।

 

যিদৰে ছটফটাই চকাই চেপি মৰা কুকুৰ !

 

সিহঁতৰ দুখ নিজ চকুৰে দেখিছোঁ

মৃত্যুৰ ঠেঙুলিত পৰ দি মূৰ্-ঘূৰণি

 

শুব পৰা নাই

পৰাজিত, দুচকুৰ মৰটোপনি ।

 

টোপ টোপ টোপ

বাথৰূমত ৰুগীয়া টেপটোৰ সৰিছে চকুলো ।

 

জড়,

তথাপি বৰ তপত

চুই চালোঁ সেয়া দেখোন মোৰেই !

 

খিৰিকীৰে জুমি চাওঁ

বৰষুণে পেডেল মৰা পথত নিজানে নখ কামুৰিছে ।

 

নগৰখন সাইলাখ খাচী ছোৱালীজনী

পাইন গছৰ তলত এজন সোণাৰীৰ সমাধি

সেয়ে আন্ধাৰতো ইমান চিকমিকনি ।

 

বুজিবলৈ কঠিন কবৰৰ বুৰঞ্জী

এই ৰ'দ

এই বৃষ্টি

এই ভোক

এই ভোগ

 

আয়ে কৈছিল

দেখাত দেউতাৰৰ দৰেই তই

 

সেয়ে বাটে ঘাটে এই আত্মপ্ৰত্যয় ।

***

 

 

ঠিকনা :

খাৰঘুলি, উন্নয়ন সমিতিৰ বিপৰীতে

গৃহ নং - ১০১

গুৱাহাটী-০৪

ভ্ৰাম্যভাষ-৬৯০১৮৫৬০৮৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ