অন্যযুগ/


কাহিনী

 বন্দনা কৌশিক বৰদলৈ

                  

আমি কথাবোৰ দেখি থাকোঁ

সিহঁতক সজাওঁ

আৰু নাম দিওঁ

কাহিনী এক

কাহিনী দুই

 

একোটা সৰল ধাৰণাৰে আমি উপেক্ষা কৰোঁ

কাহিনীৰ ভিতৰৰ কাহিনীক

চৰিত্ৰৰ ভিতৰৰ চৰিত্ৰক

 

আচলতে, আমি খুব সহজভাৱেই কথাবোৰ মানি ল’ব খোজোঁ

ধৰি লওঁ, গছ মানেই অৰণ্যত বিলীন হ’ব খোজা সেউজীয়া

পাখি কটা চৰাইবোৰ মানেই স্বাধীনতাৰ সপোন বিৱৰ্জিত নিৰ্বাক পুতলা

শীত আৰু আন্ধাৰত অভ্যস্ত মানুহবোৰ মানেই পোহৰলৈ বাট পোনাব নোৱৰা কোনোবা

 

কাহিনীবোৰ কেতিয়াবা

নিজেই একোটা চৰিত্ৰ

নায়ক অথবা খলনায়ক

যিদৰে, সপোনবোৰ একো একোখন যুদ্ধ

আৰু দৃশ্যান্তৰত

এখন পঢ়ি শেষ কৰিব নোৱাৰা উপন্যাসৰ দৰে কাহিনীবোৰ

ৰহস্যময় আৰু ধূসৰিত ।

 

ঠিকনা :

ৱাৰ্ড নম্বৰ -৭, শান্তিবন পথ

শিৱসাগৰ

পিন -৭৮৫৬৪০

 ভ্ৰাম্যভাষ - ৯৪০১০৯২৯৬৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ