অন্যযুগ/


আবেলি

যশোৱন্ত নিপুণ


এৰি অহা ঠাইবোৰ আকৌ বিচাৰি

ছাঁবোৰো দীঘল হৈ গুচি গৈছে ।

ইমান খালি হৈ যাম বুলি জনাহ'লে

বজাৰলৈ হয়তো কেতিয়াও নগ'লোহেঁতেন ।



সকলো খৰচ হৈ যোৱাৰ পাছত 

মোনাখন খেপিয়াই খেপিয়াই চাওঁ,

হাতত উঠি আহে এমুঠি শূন্যতা

কেইখিলামান জৰাজীৰ্ণ পাত

কোনেও নপঢ়া এখন উঁৱলি যোৱা চিঠি

আৰু তাত মোৰ বাবে একোৱেই  নাথাকে ।



এতিয়া সকলোৱেই বিষাদৰ বাটেৰেই আহে,

আনকি প্ৰিয় গানৰ কলিটোও কেতিয়াবা

সেই বাটেৰেই  দুখৰ ভৰত কুঁজা হৈ আহি ওলায়,

এখন্তেক জিৰায় আৰু আকৌ উভটি যায় ।

যদি আগতেই জানিলোহেঁতেন

গান বোধহয়  মই কেতিয়াও নুশুনিলোহেঁতেন ।

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ