অন্যযুগ/


সাধু এটা

 দেৱাশিস হাজৰিকা

 

মোৰ আই আৰু পিতাইৰ 

প্ৰথম বিবাহবাৰ্ষিকীৰ দিনা

পিতায়ে আইক

এটা সাধু শুনাইছিল

 

সাধুটোৰ নায়কজনৰ সমান সুখী হেনো 

আৰু পৃথিৱীত আন কোনোৱেই নাই

তেঁও আছিল পৃথিৱীৰ আটাইতকৈ ধুনীয়া এটা আত্মা!

 

আয়ে এদিন এটকীয়া মুদ্ৰা এটাক

ইপিঠি-সিপিঠি কৰি

সূৰ্যটোক আঁকি চাইছিল

কিমান তপত অথচ অকলশৰীয়া!

আয়ে এদিন নজনাকৈয়ে সেই সূৰ্যটোৰ প্ৰেমত পৰিছিল

পিতাইৰ পিঠিখনত ৰুই দিছিল

এজোপা সূৰুযমুখী ফুল

 

পিছবাৰীৰ পৰা অহা 

বনৰীয়া গোন্ধ এটাত 

এদিন আইয়ে পৃথিৱীৰ সিটোপাৰৰ 

এটা পূৰ্ণাংগ চন্দ্ৰগ্ৰহণক

শুঙি চাইছিল

নিজৰ চকুকেইটা জপাই

এপলকৰ কাৰণে শুই পৰিছিল!

 

“তোৰ পিতাইৰ হাতখনতে আছে সমগ্ৰ ব্ৰহ্মাণ্ডখন”

 — আয়ে মোক কৈছিল

প্ৰতিটো নিশাৰ জ্বৰৰ জুইত!

 

মোৰ পিতাই আছিল 

আইৰ আটাইতকৈ ধুনীয়া শক্তি!

 

হে ঈশ্বৰ, পৃথিৱীক তুমি কৈ দিয়াঁ

আজিৰপৰা আৰু কোনোদিনেই

সেই সাধুটোৰ নায়কজনৰ সমান সুখীলোক

পৃথিৱীত আন নাথাকক। 

***


ঠিকনা : 

টীয়ক, যোৰহাট, অসম।

ফোন- ৮৮২২৫৭৩০৫৪

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ