দাদুল ভূঞা
চকুত ঘুমটি নে জুমুঠি
বুকুত কিহৰ ছটফটনি
টিপচাকিৰ পোহৰ
নে
ঘোপমৰা এন্ধাৰ
মাটিমুখী নৰিয়াত হেৰুৱালোঁ চোতালৰ জোন
চক্ৰবেহুত অভিমন্যু
বিপ্লৱৰ ৰঙা নিচান উৰুৱাই কথা ক’বলৈকে ভয়
হিটলাৰী শাসকৰ বেহুত বন্দী জনতাৰ আঙুলি
সমতাৰ বেলিফুল এপাহ ফুলাব খুজি
সিদিনা—
সমানুপাতিক ভগ্নাংশ এটা কৰিবলৈ
মেলি লৈছিলোঁ পাটীগণিত
দুটি পৃষ্ঠাত দুটি অংক
এটা সমতাৰ
আনটো বিষমতাৰ
সমতাৰ অংকতে জটিল লাগি
বেলা হোৱাত
বিষমতাৰ অংকটো কৰিবলৈ সময়েই নহ'ল
গণিতৰ ভ্ৰম-বিভ্ৰমৰ মাজত হেৰাই খুঁচৰি থাকিলোঁ—
মাটিৰ বুৰঞ্জীত সময়ে গোপনে কঢ়িওৱা
জৰাগ্ৰস্ত চকুলোৰ বিষাদ, মাটিৰ দেহত সিহঁতৰ নখৰ আঁচোৰ
চিনাকি মানুহৰ চকুত ছায়াঘন মেঘ, মৌনতা
ছটফটনিৰ হলাহল বিষ পান কৰি শিৱ নীলকন্ঠ,
নীলকণ্ঠ দেশৰ মানুহ
তেজে ধোৱা সময়ৰ কথাবোৰ
কোনোবাই ক’ব
আৰু কোনোবাই কলমেৰে লিখিব
অনাগত সময়ত
আপাততঃ
ৰৈ যা সময় কৈ যা নোকোৱা কথা
***
ভ্ৰাম্যভাষঃ-৯৮৫৯২৮৯৩২৫/৮৬৩৮৭১১৯৭৯
ই.মেইলঃ-dadul.bhuyan@gmail.com
