দাদুল ভূঞা
পানী মৰিশালিত ডুবি মৰিছে মানুহ
এবুকু, এডিঙি
তাৰ পাছত গোটেইটো
নিৰ্জন ৰাতি ঘৰৰ কাষৰ পুখুৰীটোত বাজি উঠা
ভেকুলী সংগীতত টোপনি যাব পৰা নাই
পুঁজিপতিৰ নখৰ আঁচোৰত
ক্ৰমান্বয়ে ডুবিছে পথাৰ, দেওবৰীয়া
হাট
বাৰুদৰ ধোঁৱাত নিৰ্মেঘ আকাশ
ছাই, টায়াৰ
পোৰা গোন্ধ, প্ৰতিবাদৰ
দীঘলীয়া মিছিল
জুইৰ কুকুহা হৈ উৰি আছে
কেৱল নিৰ্জনতা
দুখ নকৰিব,
ইয়াত ৰ’দ দিলেও মানুহে হাঁহিব নাজানে
বৰষুণত প্ৰতিবাদ কৰিবলৈ সাজু হৈ নাথাকে ছাতি
দৰ-দাম, ঘোঁৰা
কিনা-বেছাত চলি থাকে দেশৰ ৰাজনীতি
জাতীয়তা বুলি দাবী কৰিবলৈও ভাগ ভাগ ভেকুলী সভা
স্থায়িত্ব বুলি দাবী কৰিবলৈও ভাগ ভাগ ভেকুলী সংগীত
এনে সময়তো ঘোৰনিদ্ৰাত
আপুনি
মই
বোকা ধেমালিত প্ৰজন্মৰ উতনুৱা বতাহ
জিম মৰিছনৰ দৰেই ইয়াতো কণ্ঠশিল্পীৰ উন্মাদনা, হট্টগোল
শ্মশান যাত্ৰাত কজলা সময়, জুইৰ
জুমুঠি লৈ ৰৈ আছে চণ্ডাল
চোৱাঁ আই,
কেনেদৰে ডুবিছে, গেলিছে, মৰিছে
ক্ৰমান্বয়ে
আৰু
এই অমানিশাৰ ৰাতি
ভেকুলী সংগীতত সহজে টোপনি যাব পৰা নাই
জাগি থাকি
ভাবি আছোঁ দেশ, দুনিয়াৰ
কথাবোৰ
(বিঃদ্ৰঃ---- জিম মৰিছন এজন আমেৰিকান
সংগীত শিল্পী)
***
ভ্ৰাম্যভাষ- ৯৮৫৯২৮৯৩২৫/৮৬৩৮৭১১৯৭৯
ই.মেইলঃ-dadul.bhuyan@gmail.com
