অন্যযুগ/


চিত্ৰকৰ চৰাই

              চুনা কুমাৰ পাঠৰী

 


উমনিত বহা চৰাইৰ ডেউকাত কোনোবাই জুই লগাই

দিছে। হৃৎপিণ্ড অটব্য অৰণ্যখন সন্তৰ্পণে জ্বলিছে।

 

হৃদস্পন্দন, ক্ৰম’জমবিচ্ছিন্ন পদপথৰ আশ্ৰয়হীন থাৰ্ম’প্লাষ্টিক শিশু ডেই নিয়া তীক্ষ্ণ জুই।

আইচিউৰ ফ্ৰিজিং চহৰখন নিদ্ৰাহীন। অৰাজনৈতিক আধাপোৰা মঙহৰ গোন্ধ।

 

ন-কৈ ভাঙি-পাতি গঢ়িছোঁ। জ্বলি-পুৰি মৰিছোঁ। সভ্যতা ভগ্ন লেম্পৰ

চিমনী সদৃশ এলান্ধু ইতিহাস। কেঁচা লোহিতৰক্তৰে ধূসৰিত। বৰ নিৰ্দয়।

 

হিংসাৰ হাইস্পীড নেটৱৰ্কত জাহ যাব ধৰা জাতি-মাটি, হে’ ম’ডাৰেটৰ সুদিন সূৰ্য

ভোক সমুদ্ৰ জুহালৰ চৰুত থাকিবগৈনে সঞ্জীৱনী আকাল ভাত মুঠি! বিপন্ন অস্তিত্ব।

 

উমনিত বহা প্ৰিয় চৰাইৰ ডেউকাত কোনোবাই জুই লগাই দিছে।

হৃৎপিণ্ড অটব্য অৰণ্যত সন্তৰ্পণে জুই। দিকভ্ৰান্ত। তীব্ৰ। দাওদাও।

 

হঠাৎ যন্ত্ৰণা পখালি পখালি অৰণ্যৰ পৰা উৰি আহি ধৰফৰাই

পৰিছে এটা চিত্ৰকৰ চৰাই। শোকস্তম্ভ। ঠোঁটত শূন্য শিল ভৱিষ্যত...।

 ***

ভ্ৰাম্যভাষ : ৭০০২৫৯৪৭৬৮


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ