অন্যযুগ/


বাঘৰ পদ্য

 চন্দ্ৰ কুমাৰ বড়া

 

 

গাঁৱত বাঘবোৰ বাঘ হৈ নাথাকে

ফেউৰা হৈ যায়

ক’লৰৱ শুনি শিশুৰ

কিৰিলি শুনি কিশোৰৰ

নিশ্চুপ হৈ যায় বাঘ

 

বাঘৰ গোঁজৰণি নাথাকে

নাথাকে দাঁত-নখ তীক্ষ্ণ

বাঘবোৰ নাথাকে বাঘ হৈ

কুকুৰ হৈ যায়

 

ডবা বাজে নামঘৰত পুৱা-গধূলি

বৰতালৰ মাতত ৰজনজনায় আকাশ-বতাহ

বাঘবোৰ ফেউৰা হৈ যায়

 

গাঁৱৰ তিৰোতাই যেতিয়া দিহানাম জোৰে

বিয়ানাম গায় উৰুলি জোকাৰে

গৰখীয়াই যেতিয়া বাঁহী বজায়

সুহুৰিয়াই সুহুৰিয়াই ডেকাবোৰে

যেতিয়া গাভৰুক জোকায়

যেতিয়া খিলখিলাই হাঁহে গাভৰুজাকে

বাঘবোৰ বাঘ হৈ নাথাকে

বাঘ হৈ থাকিব নোৱাৰে

ফেউৰা হৈ যায়

হৈ যায় কুকুৰ

 

বাঘবোৰ আজিকালি নাথাকে গাঁৱত

থাকে নগৰত

মহানগৰত

বিচৰণ কৰে অনায়েসে

কংক্ৰিটৰ মহলাই মহলাই

 ***

ফ’ন – ৮৮১১৮৮৮৮০২৯২৪

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ