(জোনমণি দাসৰ সোঁৱৰণত)
বন্দনা কৌশিক বৰদলৈ
যাওঁ বুলিয়েই গুচি যোৱা মানুহবোৰে জানেনে
পদাৰ্থ বিজ্ঞানৰ শূন্যৰ ধাৰণাক অস্বীকাৰ কৰিও থাকি যায় বুকুত এনে ঠাই কিছুমান
য’ত গতি স্তব্ধ
গণিত শাস্ত্ৰ আৰু কাব্যিক মূল্যাংকনক বাদ দি
শূন্য মানে আপোনাৰ, মোৰ দৰে সাধাৰণ মানুহবোৰৰ বাবে
বুকু বিন্ধি যোৱা
খালী ঠাই এটুকুৰা মাত্ৰ
যাক কোনো সংখ্যাৰ লগত পূৰণ কৰি মূল সংখ্যা ঘূৰাই পোৱা নাযায়
পাৰ নেদেখা আকাশৰ সিটো পাৰলৈ
যাওঁ বুলিয়েই গুচি যোৱা মানুহবোৰে আনকি এইটোও নাজানে
মাইনাছ শূন্য ডিগ্ৰী চেলচিয়াছটো
তেওঁলোক হৈ থাকিব পাৰে অচল, অক্ষত৷
