অন্যযুগ/


স্বচ্ছতাৰ বাবে ৰৈ যাওঁ

 বিনিময় দাস

                         

দৃষ্টিৰ সমৰৈখিকভাৱে  চাওঁ-

চকীখন একে ঠাইতে আছে,

মানুহবোৰ ইফাল-সিফাল হ’ল ৷

সোঁফালৰবোৰ বাওঁফালে গ’ল,

আৰু বাওঁফালৰবোৰ সোঁফালে ৷

বহাজনেও দুবাৰমান উঠি 

আকৌ বহিল৷

লাভৰ লাভ হ’ল-

ঘৰখন অসম্ভৱ লেতেৰা কৰিল সিহঁতে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ