বিকাশ গোহাঁই
পথাৰবোৰ ভৰপক ৷
দোঁ খাই সোণগুটি যেন মোৰ বুকুত
পৰিছে
কোনো উৎসাহ নাই এইবেলি
প্ৰিয় মানুহবোৰ নোহোৱা হৈ গৈছে
গানৰ মধুৰ লহৰবোৰ নোহোৱা হৈ গৈছে
বাঁহীৰ সুৱদি সুৰবোৰ নোহোৱা হৈ গৈছে
লুইতখন বাম হৈ আহিছে৷
বালিচৰ! বালিচৰ!!
আগুৱাই যাব পাৰিম নে মই
নাওখন মোৰ লাগি ধৰিছে পলসত৷
ঠিকনা :
বিকাশ গোহাঁই
ধেমাজি চাৰিআলি, জিলা
পৰিষদৰ ওচৰত
ড° ৰাজেন্দ্ৰ প্ৰসাদ পথ
ধেমাজি- ৭৮৭০৫৭
ফোন : ৮০১১৯৪৪৮৫৫
